-->

নতুন ৰূপত মুকলি হ’ব ইউ পি আই-ভীম এপ্লিকেচন

নতুন ৰূপত মুকলি হ’ব ইউ পি আই-ভীম এপ্লিকেচন

দেশত নগদবিহীন লেনদেনৰ প্ৰসাৰ সাধনৰ উদ্দেশ্যে নেচনেল পেমেণ্ট কৰ্প'ৰেচন অব ইণ্ডিয়াই নতুন প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। এনে প্ৰযুক্তি ব্যৱহাৰৰ ফলত গ্ৰাহকসকলে ম'বাইল নম্বৰ আৰু বেংকৰ তথ্য-পাতি প্ৰদান নকৰাকৈয়ে ডিজিটেল পদ্ধতিত লেনদেন কৰিব পাৰিব। ইয়াৰ বিপৰীতে মাত্ৰ দুটা ম'বাইল ফোনৰ সংযোগৰ জৰিয়তেই এই লেনদেন সম্পন্ন হ'ব। এনে পদ্ধতিতেই পৰিচালিত হৈছে গুগলৰ শেহতীয়া এপ্লিকেচন তেজ। এতিয়া এই পদ্ধতি ব্যৱহাৰ কৰি নেচনেল পেমেণ্ট কৰ্প'ৰেচন অব ইণ্ডিয়াই ইউ পি আই আৰু ভীম এপ্লিকেচন দুটাৰ উন্নত সংস্কৰণ মুকলিৰ পৰিকল্পনা কৰিছে। এটা সূত্ৰৰ মতে ইতিমধ্যে পেমেণ্ট কৰ্প'ৰেচন অব ইণ্ডিয়াই এইক্ষেত্ৰটো কাম আৰম্ভ কৰিছে।