এপলৰ জনপ্ৰিয়তা অক্ষুন্ন ভাৰতৰ প্ৰিমিয়াম স্মাৰ্টফোনৰ বজাৰত

এপলৰ জনপ্ৰিয়তা অক্ষুন্ন ভাৰতৰ প্ৰিমিয়াম স্মাৰ্টফোনৰ বজাৰত

ভাৰতৰ প্ৰিমিয়াম শাখাৰ স্মাৰ্টফোনৰ বজাৰত এতিয়াও আধিপত্য বজাই ৰাখিছে এপল প্ৰতিষ্ঠানটোৱে। কাউণ্টাৰ পইণ্ট ৰিছাৰ্চৰ তথ্য অনুসৰি ২০১৭ বৰ্ষত এই বজাৰখনৰ বিকাশৰ হাৰ আছিল ২০%। দেশৰ প্ৰিমিয়াম স্মাৰ্টফোনৰ বজাৰখনত ৯৪ শতাংশ অংশীদাৰিত্ব দখল কৰি আছে এপল, ৱানপ্লাছ আৰু ছেমছাং প্ৰতিষ্ঠান তিনিটাই। ৩০ হেজাৰ টকাতকৈ অধিক মূল্যৰ স্মাৰ্টফোনসমূহক সাধাৰণতে প্ৰিমিয়াম স্মাৰ্টফোন হিচাপে অভিহিত কৰা হয়। এই তিনিওটা প্ৰতিষ্ঠানৰ ভিতৰত সৰ্বাধিক ৩৮ শতাংশ অংশীদাৰিত্ব দখল কৰিছে এপলে। ভাৰতত বিক্ৰী হোৱা প্ৰিমিয়াম স্মাৰ্টফোনসমূহৰ ভিতৰত শীৰ্ষত আছে এপলৰ আইফোন ৭। প্ৰিমিয়াম স্মাৰ্টফোনৰ বজাৰত ২৫ শতাংশ অংশীদাৰিত্বৰে ৱানপ্লাছে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে গেলেক্সী এছ ৮ আৰু গেলেক্সী নোট ৮ স্মাৰ্টফোন দুটাৰ জনপ্ৰিয়তাৰ ভিত্তিত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ছেমছাং প্ৰতিষ্ঠানটোৱে। আনহাতে এপল প্ৰতিষ্ঠানটোৱে অচিৰেই আইফোন ৬ এছৰ নিৰ্মাণ ভাৰতত আৰম্ভ কৰিব পাৰে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। বৰ্তমান বেংগালুৰুৰ এটা প্রকল্পত উইষ্টন প্ৰতিষ্ঠানটোৱে এপলৰ হৈ আইফোন এছ ই প্ৰস্তুত কৰি আহিছে।