২০১৮ চনত ভাৰতৰ বজাৰত মুকলি হ’ব ৫-জি স্মাৰ্টফোন

২০১৮ চনত ভাৰতৰ বজাৰত মুকলি হ’ব ৫-জি স্মাৰ্টফোন

২০১৭ বৰ্ষত ৪-জি ম'বাইল ফোন আৰু নেটৱৰ্ক প্ৰযুক্তি আগমনৰ পাছত এতিয়া ২-জি আৰু ৩-জি ম'বাইল তথা নেটৱৰ্কৰ প্ৰচলন প্ৰায় শেষ হ'বলৈ ধৰিছে। কিন্তু ২০১৮ বৰ্ষত বজাৰলৈ আহিব ৫-জি স্মাৰ্টফোন। এই ৫-জি স্মাৰ্টফোনত থাকিব বহু অত্যাধুনিক সা-সুবিধা। বৰ্তমান ৪-জি স্মাৰ্টফোনসমূহত লাভ কৰি থকা সুবিধাতকৈ বহু সুবিধা লাভ কৰিব এনে ৫-জি স্মাৰ্টফোনসমূহত। বিশ্বৰ আগশাৰীৰ মোবাইল অপাৰেটৰ এ টি এণ্ড টি, ভেৰিজ'ন আৰু টি মোবাইলে ৫-জি স্মাৰ্টফোন নিৰ্মাণৰ কাম কৰি আছে। ২০১৮ বৰ্ষৰ শেষৰফালে বজাৰত এনে স্মাৰ্টফোন মুকলি কৰা হ'ব। এনে স্মাৰ্টফোনত নূন্যতম প্ৰতি ছেকেণ্ডত ১০০ এম বি স্পীড দিয়া হ'ব।