-->

মাই জিঅ’ এপৰ  ডাউনলোড ১০ কোটিৰ সীমা অতিক্ৰম

মাই জিঅ’ এপৰ  ডাউনলোড ১০ কোটিৰ সীমা অতিক্ৰম

এনড্ৰইড প্লেটফৰ্মত ডাউনলোড হোৱা দ্বিতীয় অধিক ম'বাইল এপ্লিকেচন হিচাপে স্বীকৃতি পাইছে মাই জিঅ' এপ্লিকেচনে। গুগলৰ প্লে' ষ্ট'ৰত এইপৰ্যন্ত এই মাই জিঅ' এপ্লিকেচনৰ ডাউনলোডৰ সীমা ১০০ নিযুত অতিক্ৰম কৰিছে। দেশৰ ১.৯ নিযুত ব্যৱহাৰকাৰীয়ে এই এপ্লিকেচনক ৪.৪ ষ্টাৰ প্ৰদান কৰিছে। এই সন্দৰ্ভত জিঅ'ৰ এগৰাকী শীর্ষ বিষয়াই প্ৰকাশ কৰা অনুসৰি ১০ কোটি ডাউনলোডৰ সীমা অতিক্ৰম কৰা ইয়েই হৈছে কোনো প্ৰতিষ্ঠানৰ প্ৰথমটো ছেলফ কেয়াৰ ম'বাইল এপ্লিকেচন। গুগলৰ প্লে' ষ্ট'ৰত সৰ্বাধিক ডাউনলোড হোৱা এপ্লিকেচন হৈছে হটষ্টাৰ। মাই জিঅ' এপ্লিকেচনৰ বিপৰীতে এয়াৰটেল, ভোডাফোন ইণ্ডিয়া আৰু আইডিয়া চেলুলাৰৰ চেলফ কেয়াৰ এপ্লিকেচনৰ ডাউনলোডৰ সীমা এইপৰ্যন্ত ১ কোটিহে অতিক্ৰম কৰিছে।