-->

বিশ্ব হকী লীগত ভাৰতে ৭-১ গ’লত পৰাস্ত কৰিলে পাকিস্তানক

বিশ্ব হকী লীগত ভাৰতে ৭-১ গ’লত পৰাস্ত কৰিলে পাকিস্তানক

লণ্ডনত হৈ থকা বিশ্ব হকী লীগৰ আজি অনুষ্ঠিত এখন খেলত ভাৰতে চিৰবৈৰী পাকিস্তানক ৭-১ গ'লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে আৰম্ভণিৰে পৰাই পাকিস্তানক তীব্ৰ চাপত ৰাখে। ভাৰতৰ আক্ৰমণত বিধ্বস্ত হৈ পৰে পাকিস্তানৰ হকী দল। ভাৰতৰ হৈ আজি হৰমনপ্ৰীত, তলৱিন্দৰ সিং আৰু আকাশদীপ সিঙে দুগ'লকৈ দিয়াৰ লগতে প্ৰদীপ ম'ৰেও এটা গ'ল প্ৰদান কৰে। আনহাতে পাকিস্তানৰ হৈ একমাত্ৰ গ'লটো পৰিশোধ কৰে উমৰ ভূত্তই। ভাৰতে এই জয়েৰে শীৰ্ষস্থান অক্ষুন্ন ৰখাৰ বিপৰীতে পাকিস্তান গ্ৰুপৰ একেবাৰে শেষৰ স্থানত আছে।