-->

লাহোৰত উপস্থিত হ’ল বিশ্ব একাদশ

লাহোৰত উপস্থিত হ’ল বিশ্ব একাদশ

২০০৯ চনৰ মাৰ্চ মাহত শ্ৰীলংকান ক্ৰিকেট দলটো সন্ত্রাসবাদীৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত দীৰ্ঘদিন কোনো আগশাৰীৰ দল পাকিস্তানলৈ অহা নাছিল যদিও এক চমু ভ্ৰমণসূচী লৈ বিশ্ব একাদশ কালি লাহোৰত অৱতৰণ কৰে। দক্ষিণ আফ্ৰিকাৰ ফাফ ডুপ্লেছিছৰ নেতৃত্বত অহা দলটোৱে পাকিস্তানৰ বিৰুদ্ধে ১২, ১৩ আৰু ১৫ ছেপ্টেম্বৰত গড্ডাফী ষ্টেডিয়ামত তিনিখন টি-২০ খেলত ভাগ ল'ব। দলটোৱে লাহোৰত অৱতৰণ কৰাৰ লগে লগেই নিছিদ্ৰ নিৰাপত্তাৰ মাজেৰে এখন পঞ্চতাৰকা হোটেললৈ লৈ যোৱা হয়। দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়া, বাংলাদেশ, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ খেলুৱৈৰে সমৃদ্ধ বিশ্ব একাদশৰ ১৪ জনীয়া দলটোৰ প্ৰতিগৰাকীয়ে এক লাখ ইউ এছ ডলাৰকৈ লাভ কৰিব। পাকিস্তান ক্ৰিকেট ব'ৰ্ডে জনোৱা মতে এই শৃংখলাৰ বাবে তেওঁলোকৰ মুঠ খৰছ হ'ব প্ৰায় তিনি নিযুত ইউ এছ ডলাৰ।