-->

বিশ্বকাপ কোৱালিফায়িং: অনিশ্চয়তাত আৰ্জেন্টিনা আৰু চিলি

বিশ্বকাপ কোৱালিফায়িং: অনিশ্চয়তাত আৰ্জেন্টিনা আৰু চিলি

ৰাছিয়া বিশ্বকাপৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই অনিশ্চয়তাৰ মাজত সোমাই পৰিছে ব্ৰাজিল বিশ্বকাপৰ ৰানাৰ্ছ আৰ্জেন্টিনা। মেছি, ডিবালা, ডি মাৰিয়াৰ দৰে তাৰকাইও উদ্ধাৰত ব্যৰ্থ হৈছে দেশখনক। ইপিনে আৰ্জেন্টিনাৰ এই অনিশ্চয়তাই বিশ্বৰ অনুৰাগীক চিন্তিত কৰি তুলিছে। কাৰণ মেছিবিহীন বিশ্বকাপৰ কথা অনুৰাগীয়ে চিন্তাই কৰিব নোৱাৰে। যি সময়ত ব্ৰাজিলে এমাহ আগেয়ে যোগ্যতা নিশ্চিত কৰিছে, সেই সময়ত মেছিৰ আৰ্জেন্টিনাই অপেক্ষা কৰিব লাগিব যোগ্যতা নিৰ্ণয়ৰ অন্তিমখন খেললৈ। আৰ্জেন্টিনাৰ দৰেই একেই অৱস্থা কোপা আমেৰিকান চেম্পিয়ন চিলিৰ। দক্ষিণ আমেৰিকাৰ যোগ্যতা নিৰ্ণয়ৰ তালিকাত আৰ্জেন্টিনা সম্প্ৰতি পঞ্চম স্থানত, আনহাতে চিলি ষষ্ঠ স্থানত আছে। প্ৰথম চাৰিটা দলে পোনপটীয়াভাৱে ৰাছিয়াৰ পাৰ-পত্ৰ সংগ্ৰহ কৰিব। পঞ্চম স্থানৰ দলটোৱে খেলিব লাগিব নিউজিলেণ্ডৰ বিৰুদ্ধে দুটা পৰ্যায়ৰ প্লে অফ মেচ।