ভুৱনেশ্বৰত হ’বলগীয়া আগন্তুক হকী বিশ্বকাপৰ সূচী ঘোষণা : উদ্ধোধনী খেলত ভাৰত-দক্ষিণ আফ্ৰিকা

ভুৱনেশ্বৰত হ’বলগীয়া আগন্তুক হকী বিশ্বকাপৰ সূচী ঘোষণা : উদ্ধোধনী খেলত ভাৰত-দক্ষিণ আফ্ৰিকা

অহা ২৮ নবেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ ওড়িষাৰ ৰাজধানী চহৰ ভুৱনেশ্বৰত হ'বলগা পুৰুষৰ হকী বিশ্বকাপত সহজ গ্ৰুপত স্থান পাইছে আয়োজক ভাৰতে। আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন (এফ আই এইচ)ৰ দ্বাৰা বুধবাৰে ঘোষিত সূচী অনুসৰি পুল 'চি'ত ভাৰতৰ সৈতে আছে অলিম্পিকৰ ৰূপৰ পদক বিজয়ী বেলজিয়াম, বিশ্বৰ ১১ নং স্থানৰ কানাডা আৰু আফ্ৰিকান মহাদেশৰ চেম্পিয়ন দক্ষিণ আফ্ৰিকা। ২৮ নবেম্বৰৰ উদ্ধোধনী খেলত এছিয়ান চেম্পিয়ন ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অভিযানৰ পাতনি মেলিব। ইয়াৰ পাছতেই ২ ডিচেম্বৰত ইউৰোপৰ শক্তিশালী দল বেলজিয়াম আৰু ৮ ডিচেম্বৰত কানাডাৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ মেচ খেলিব। মুঠ ৪ টা পুলৰ ভিতৰত পুল 'এ'ত আছে ২০১৬ ৰ অলিম্পিক চেম্পিয়ন আৰ্জেন্টিনা, নিউজিলেণ্ড, স্পেইন আৰু ফ্ৰান্স। গ্ৰুপ পৰ্যায়ত আকৰ্ষণীয় মেচৰ ভিতৰত পুল 'ডি'ত দুই প্ৰাক্তন বিশ্ব চেম্পিয়ন জাৰ্মানী আৰু পাকিস্তান অহা ১ ডিচেম্বৰত পৰস্পৰৰ মুখামুখি হ'ব। ইফালে ৪ ডিচেম্বৰত ইংলেণ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজ দিব। বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল মেচ আৰম্ভ হ'ব ১২ ডিচেম্বৰৰ পৰা।