-->

মেছিৰ হেটট্ৰিকেৰে বাৰ্চিলোনাৰ জয়লাভ: ইংলিছ প্ৰিমিয়াৰত মানচেষ্টাৰ ইউনাইটেডৰ ড্ৰ

মেছিৰ হেটট্ৰিকেৰে বাৰ্চিলোনাৰ জয়লাভ: ইংলিছ প্ৰিমিয়াৰত মানচেষ্টাৰ ইউনাইটেডৰ ড্ৰ

মেছিৰ হেটট্ৰিকৰ সহায়ত বাৰ্চিলোনাই লা-লীগাত এশ শতাংশ সাফল্য অব্যাহত ৰাখিছে। কালি নিশা বাৰ্চিলোনাই ৫-০ গ'লত অতি শোচনীয়ভাৱে হৰুৱাই এছপানীয়লক। মেছিৰ হেটট্ৰিকৰ উপৰি জেৰাৰ্ড পিকে আৰু ছোৱাৰেজে অন্য দুটা গ'ল দিয়ে। এটলেটিকো মাদ্রিদ আৰু ভেলেন্সিয়াৰ মাজৰ মেচখন গ'লশূন্যভাৱে সমাপ্ত হয়। আনহাতে ইংলিছ প্ৰিমিয়াৰ লীগত দুখন মেচৰ ব্যৰ্থতাৰ পিছত বিজয়ৰ মুখ দেখিলে আৰ্চেনালে। কালি দলটোৱে ৩-০ গ'লত ৱাৰ্নমাউনক হৰুৱায়। ডেনিৱেলবেকে দুগ'ল আৰু লাকাজেট্ৰিয়ে এগ'ল দিয়ে। চেম্পিয়ন চেলচিয়ে মোৰাডা আৰু কান্টেৰ গ'লেৰে লেইচেষ্টাৰ চিটিক ২-১ গ'লত হৰুৱায়। লীগৰ আৰম্ভণিৰে পৰা দুৰ্দান্ত প্ৰদৰ্শন কৰি অহা মানচেষ্টাৰ ইউনাইটেডৰ গতি ৰুদ্ধ কৰিলে ষ্টক চিটিয়ে। মেচখন ২-২ গ'লত ড্ৰ হয়। ইপিনে ট'টেনহাম স্পাৰে ৩-০ গ'লত হৰুৱাই এভাৰ্টনক।