-->

ইউ এছ অ’পেন: দ্বিতীয় ৰাউণ্ডলৈ ছানিয়া, বোপান্না

ইউ এছ অ’পেন: দ্বিতীয় ৰাউণ্ডলৈ ছানিয়া, বোপান্না

ভাৰতৰ আগশাৰীৰ দুই ডাবলছ খেলুৱৈ ছানিয়া মিৰ্জা আৰু ৰোহন বোপান্নাই ইউ এছ অ'পেনৰ নিজ নিজ ইভেণ্টত আকর্ষণীয় আৰম্ভণি ঘটাইছে। বোপান্না আৰু তেওঁৰ উৰুগুৱেন সংগী পাবলো কুৱাভাছে প্ৰথমটো ছেট হেৰুৱালেও পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত দৃঢ় প্ৰত্যাৱৰ্তন ঘটাবলৈ সক্ষম হয়। ইণ্ডো-উৰুগুৱেন যুটিটোৱে ১-৬, ৬-৩, ৬-৪ বিদায় দিয়ে আমেৰিকান ব্ৰেডলী ক্লান আৰু স্কট লিপস্কী যুটিক। ইফালে মহিলাৰ ডাবলছৰ ছানিয়া আৰু তেওঁৰ সংগী চীনৰ শ্বুৱাই পেং সহজেই দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। সেই পথত তেওঁলোকে হৰুৱাই ক্ৰৱেছিয়াৰ পেট্ৰা মাটিছ আৰু ডোনা ভেকিছ যুটিক ৬-৪, ৬-১ ছেটত।