-->

ক্ৰিকেটৰ ভূ-স্বৰ্গ অ’ভেল ক্ৰিকেট ষ্টেডিয়ামত আজি আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত চিৰবৈৰী ভাৰত-পাকিস্তান

ক্ৰিকেটৰ ভূ-স্বৰ্গ অ’ভেল ক্ৰিকেট ষ্টেডিয়ামত আজি আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত চিৰবৈৰী ভাৰত-পাকিস্তান

আজি অনুষ্ঠিত হ'ব আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। আজিৰ এই ফাইনেল অধিক আকৰ্ষণীয় হৈ পৰিছে, কিয়নো আজিৰ ফাইনেলত মুখামুখি হ'ব চিৰবৈৰী দুই দেশ, ভাৰত আৰু পাকিস্তান। বিশ্বৰ অগণন ক্ৰিকেটপ্ৰেমীয়ে বাট চাই আছে আজিৰ ফাইনেল উপভোগ কৰিবলৈ। দুয়োটা দলে আজি নিজৰ শ্ৰেষ্ঠত্ব উজাৰি আই চি চি চেম্পিয়নছ ট্ৰফী নিজ দেশলৈ আজুৰি নিবলৈ চেষ্ঠা চলাব। ক্ৰিকেট বিশেষজ্ঞ সকলে ভাৰতক ফাভাৰিত বুলি ক'লেও টীম ইণ্ডিয়াই পাকিস্তানক সহজভাৱে ল'ব বিচৰা নাই। কিয়নো প্ৰথম মেচত ভাৰতৰ বিপক্ষে পৰাজিত হোৱাৰ পিছত সুন্দৰ প্ৰদৰ্শনেৰে দলটোৱে দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু ছেমি ফাইনেলত শক্তিশালী তথা আয়োজক দল ইংলেণ্ডক পৰাস্ত কৰি নিজৰ শক্তিৰ পৰিচয় দিছে। সেয়েহে কাইলৰ খেলখন তীব্ৰ উত্তেজনাপূৰ্ণ হোৱাটো নিশ্চিত।