-->

আই পি এলৰ মিডিয়া স্বত্ব লাভ কৰিলে ষ্টাৰ ইণ্ডিয়াই

আই পি এলৰ মিডিয়া স্বত্ব লাভ কৰিলে ষ্টাৰ ইণ্ডিয়াই

ষ্টাৰ ইণ্ডিয়াই ১৬,৩৪৭.৫০ কোটি টকাৰ বিপুল ধনৰাশিৰ বিনিময়ত পৰৱৰ্তী পাঁচ বছৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মিডিয়া স্বত্ব লাভ কৰিছে। এই মুহূৰ্তত প্ৰশাসনিক সংকটত ভুগিলেও ষ্টাৰ ইণ্ডিয়াৰে হোৱা চুক্তিৰ জৰিয়তে বি চি চি আইলৈ ধনৰ ধল বৈছে। ২.৫৫ বিলিয়ন ডলাৰৰ এই চুক্তি, ২০১৮ৰ পৰা ২০২২ চনলৈকে বৰ্তি থাকিব। আৰম্ভণিৰ ১০ বছৰত টিভি স্বত্বৰ বিনিময়ত ছ'নীয়ে ২০০৮ চনত ৮২০০ কোটি টকা দিবলগীয়া হৈছিল। পিছে বি চি চি আয়ে এতিয়া পাঁচ বছৰতে সেই ধনৰ তুলনাত দুগুণ উপাৰ্জন কৰাৰ লগতে প্ৰতি বছৰে মিডিয়া স্বত্বৰ বিনিময়ত ৩,২৭০ কোটি টকা পাব। ব'ৰ্ডে আনহাতে ভাৰতে খেলা প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় খেলত পোৱা ৪৩ কোটি টকাৰ বিপৰীতে আই পি এলৰ একোখন মেচৰ পৰাই লাভ কৰিব প্ৰায় ৫৫ কোটি টকা।