-->

ইণ্ডোনেছিয়া অ’পেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্ৰীকান্ত

ইণ্ডোনেছিয়া অ’পেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্ৰীকান্ত

ইণ্ডোনেছিয়া অ'পেন ছুপাৰ চিৰিজ বেডমিণ্টনৰ প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে এইচ এছ প্ৰণয় আৰু শ্ৰীকান্তে। ভাৰতৰ প্ৰণয়ে অলিম্পিক চেম্পিয়ন চেন লঙক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কালি কোৱাৰ্টাৰ ফাইনেলত প্ৰণয়ে ২১-১৮, ১৬-২১, ২১-১৯ পইণ্টৰ ব্যৱধানত লঙক পৰাস্ত কৰে। আনহাতে আনগৰাকী তাৰকা শ্ৰীকান্তে কালি কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ জু ৱেই বাঙক ২১-১৫, ২১-১৪ পোনপটীয়া পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।