-->

মাতৃ হ’ল গ্ৰেণ্ডশ্লামৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ছেৰেনা উইলিয়ামছ

মাতৃ হ’ল গ্ৰেণ্ডশ্লামৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ছেৰেনা উইলিয়ামছ

চলিত বৰ্ষৰ আৰম্ভণিতে গৰ্ভাৱস্থাৰেই অষ্ট্ৰেলিয়ান অ'পেন খিতাপ জয় কৰা ছেৰেনা উইলিয়ামছে ইউ এছ অ'পেন চলি থকাৰ সময়তে মাতৃত্ব লাভ কৰিলে। কালি এটি কন্যা সন্তানৰ জন্ম দিয়ে ছেৰেনাই। এই খবৰ সংবাদ মাধ্যমৰ আগত অৱগত কৰে ছেৰেনাৰ ভগ্নী ভেনাছে। ফ্ল'ৰিডাৰ ৱেষ্ট পামৰ ছেণ্ট মেৰী মেডিকেল চেণ্টাৰত সুকলমে সন্তানটিৰ জন্ম হয়। চিকিৎসালয় সূত্ৰে জানিব পৰা অনুসৰি মাতৃ-কন্যা দুয়ো সম্প্ৰতি সুস্থ। এই খবৰ জনাজাত হোৱাৰ লগে লগে টেনিছ জগতৰ খেলুৱৈসকলে ছেৰেনাক শুভেচ্ছা জনায়। শেহতীয়াভাৱে হাস্পতাল সূত্ৰই জনোৱা অনুসৰি কন্যা সন্তানটিৰ ওজন ৩.০৯ কিলোগ্ৰাম। উল্লেখ্য যে যোৱা এপ্ৰিল মাহত ছেৰেনাই গৰ্ভাৱস্থাৰ কথা সদৰী কৰিছিল। আনহাতে অহা জানুৱাৰীত তেওঁ পুনৰ অষ্ট্ৰেলিয়ান অ'পেনলৈ উভতিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।