-->

ৱাইল্ড কাৰ্ডৰ জৰিয়তে ষ্টেনফ’ৰ্ড টেনিছত অংশগ্ৰহণ কৰিব পাৰিব ছাৰাপ’ভাই

ৱাইল্ড কাৰ্ডৰ জৰিয়তে ষ্টেনফ’ৰ্ড টেনিছত অংশগ্ৰহণ কৰিব পাৰিব ছাৰাপ’ভাই

ড'পিঙৰ অভিযোগত আন্তঃৰাষ্ট্ৰীয় টেনিছৰ পৰা নিষেধাজ্ঞাৰ সন্মুখীন হোৱা ছাৰাপ'ভাক ৱাইল্ড কাৰ্ডৰ জৰিয়তে খেলিবলৈ সুযোগ প্ৰদান কৰিছে ষ্টেনফ'ৰ্ড টেনিছৰ আয়োজকে। ২৮ গৰাকীকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত বিশ্বৰ প্ৰাক্তন শীর্ষ বাছনিৰ খেলুৱৈ ভিক্টোৰীয়া আজাৰেংকায়ো ভাগ লোৱাৰ কথা। শেহতীয়া তালিকাত ১৭৩ সংখ্যক স্থানত থকা ছাৰাপ'ভাই যোৱা এপ্ৰিল মাহত ষ্টুটগাৰ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল।