-->

গুৱাহাটীত মুখামুখি হব ছাইনা-সিন্ধু

গুৱাহাটীত মুখামুখি হব ছাইনা-সিন্ধু

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিয়া মহোৎসৱ অলিম্পিকত পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰা ভাৰতৰ দুই তাৰকা মহিলা শ্বেটলাৰ ছাইনা নেহৱাল আৰু পি ভি সিন্ধুৰ খেল স্বচক্ষে উপভোগৰ সুযোগ লাভ কৰিব গুৱাহাটীৰ ক্ৰিয়ানুৰাগীয়ে । অহা ২৩ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ সৰুসজাই ক্ৰিয়া প্ৰকল্পৰ নবীন চন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া তৃতীয় সংস্কৰণৰ প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ উদ্ধোধনী মেচতেই বিশ্বৰ এই দুই আগশাৰীৰ শ্বেটলাৰ পৰস্পৰৰ মুখামুখি হব । ২৩ দিন ধৰি দেশৰ চাৰিখন চহৰত চলিবলগীয়া প্ৰতিযোগিতা খনত ছাইনা-সিন্ধুৰ এই মুখামুখি অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে পৰিগণিত হৈছে ।