-->

ইউ এছ অ’পেন: ৰজাৰ ফেডেৰৰ পৰাস্ত, নাডালৰ অগ্ৰগতি

ইউ এছ অ’পেন: ৰজাৰ ফেডেৰৰ পৰাস্ত, নাডালৰ অগ্ৰগতি

ফ্লাছিং মিডত ৰ'জাৰ ফেডেৰৰ আৰু ৰাফেল নাডালৰ বহু প্ৰত্যাশিত প্ৰথম মুখামুখিৰ সম্ভাৱনা পুনৰ ধূলিসাৎ হ'ল। ছুইছ তাৰকাগৰাকীৰ আগতীয়া প্ৰস্থানে অনুৰাগীৰ আশা মষিমূৰ কৰিলে। আৰ্জেন্টিনাৰ জুৱান মাৰ্টিন ডেল প'ট্ৰ'ৱে কোৱাৰ্টাৰ ফাইনেলত ফেডেৰৰক ৭-৫, ৩-৬, ৭-৬, ৬-৪ ছেটত পৰাস্ত কৰে। ২০০৯ৰ চেম্পিয়ন ডেল প'ট্ৰ' এতিয়া ছেমি ফাইনেলত মুখামুখি হ'ব নাডালৰ। স্পেইনৰ অভিজ্ঞ তাৰকাগৰাকীয়ে আন এখন কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ আন্দ্রে ৰুবলেভক ৬-১, ৬-২, ৬-২ ছেটত পৰাস্ত কৰে। মাত্ৰ ৯৭ মিনিট যুঁজিয়েই ষষ্ঠবাৰলৈ ইউ এছ অ'পেনৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰে নাডালে।