-->

বিশ্বকাপ কোৱালিফায়িং: আশা সজীৱ পৰ্টুগালৰ

বিশ্বকাপ কোৱালিফায়িং: আশা সজীৱ পৰ্টুগালৰ

হাংগেৰীৰ বিৰুদ্ধে ১-০ কষ্টকৰ জয়েৰে পৰ্টুগালে অহা বছৰৰ বিশ্বকাপৰ মূল পৰ্যায়লৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জনৰ সম্ভাৱনা সজীৱ ৰাখিবলৈ সমৰ্থ হৈছে। ঘৰুৱা হাংগেৰীয়ে শেষৰ এঘন্টাৰ খেল দহগৰাকীৰেই খেলিবলগীয়া হৈছিল। দ্বিতীয়াৰ্ধৰ তৃতীয় মিনিটত ক্ৰিষ্টিয়ানো ৰ'নাল্ড'ৰ ক্ৰছ পাছত ছিলভাই হেডিঙেৰে খেলখনৰ একমাত্ৰ গ'লটো দিছিল। বি গ্রুপত পৰ্টুগালৰ এয়া হ'ল ক্ৰমাগত সপ্তমটো জয়। তেওঁলোকক দ্বিতীয় স্থানত ৰাখি শীৰ্ষত আছে ছুইজাৰলেণ্ড, যিয়ে শেহতীয়া খেলত লাটভিয়ামক ৩-০ গ'লত পৰাজিত কৰিছিল। অহা ১০ অক্টোবৰত মুখামুখি যুঁজৰ আগেয়ে ছুইজাৰলেণ্ড আৰু পৰ্টুগাল উভয়েই আন একোখনকৈ খেলত অংশগ্ৰহণ কৰিবলগীয়া হ'ব। উল্লেখ্য, ইউৰোপৰ নটা গ্রুপৰ পৰা পোনপটীয়াকৈ শীৰ্ষৰ দলটো বিশ্ব কাপলৈ অগ্ৰসৰ হ'ব। আনহাতে দ্বিতীয়ত থকা শ্ৰেষ্ঠ আঠটা দলৰ প্লে' অফৰ পাছত আন চাৰিটা দলেও ৰাছিয়াত হ'বলগীয়া বিশ্বকাপৰ মূল পৰ্যায়ত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিব।