-->

টি-২০ ক্ৰিকেটৰ পৰা অৱসৰৰ পৰামৰ্শ লক্ষ্মণৰ

টি-২০ ক্ৰিকেটৰ পৰা অৱসৰৰ পৰামৰ্শ লক্ষ্মণৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে ৰাজকোটত অনুষ্ঠিত হৈ যোৱা দ্বিতীয় টি-২০ত লেহেমীয়া ইনিংছ খেলা মহেন্দ্ৰ সিং ধোনী সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে প্ৰাক্তন অধিনায়কগৰাককিক টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ল'বলৈ পৰামৰ্শ আগবঢ়াইছে ভি ভি এছ লক্ষ্মণে। ভাৰতীয় ক্ৰিকেট দলৰ টেষ্ট বিশেষজ্ঞ হিচাপে বিশেষভাৱে জনপ্ৰিয় লক্ষ্মণে উদীয়মান খেলুৱৈক সুযোগ দিয়াৰ স্বাৰ্থত ধোনীয়ে ক্ৰিকেটৰ চুটি সংস্কৰণৰ পৰা অৱসৰ লোৱাটো উচিত বুলি মন্তব্য কৰিছে। স্বাভাৱিকভাৱে লক্ষ্মণৰ এই পৰামৰ্শই দেশৰ ক্ৰিকেট জগতত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।