-->

বিশ্বকাপলৈ যোগ্যতা অৰ্জন ইৰানৰ

বিশ্বকাপলৈ যোগ্যতা অৰ্জন ইৰানৰ

ব্ৰাজিলৰ পিছত দ্বিতীয়তো দল হিচাপে বিশ্বকাপ ফুটবল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে ইৰানে। যোৱা নিশা উজবেকিস্তানক ২-০ গ'লত পৰাস্ত কৰি বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন কৰিছে ইৰানে। চৰ্দাৰ আজমুনে ২৩ আৰু মেহেদী টাৰেমীয়ে ৮৮ মিনিটত গ'ল দুটি প্ৰদান কৰে। এই জয়ৰ লগে লগে বিশ্বকাপলৈ কোৱালিফায়িঙৰ এছিয়া মণ্ডলৰ প্ৰথম দল হিচাপে যোগ্যতা অৰ্জন কৰিছে। আনহাতে উজবেকিস্তানে তৃতীয় স্থান আৰু দক্ষিণ কোৰিয়াই দ্বিতীয় স্থান দখল কৰে।