-->

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় টি-২০ দল ঘোষণা: আশিস নেহৰাৰ প্ৰত্যাৱৰ্তন

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় টি-২০ দল ঘোষণা: আশিস নেহৰাৰ প্ৰত্যাৱৰ্তন

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সাত অক্টোবৰৰ পৰা খেলিবলগীয়া তিনিখন খেলৰ টি-২০ ছিৰিজৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত প্ৰত্যাৱৰ্তন ঘটিছে ৩৮ বছৰীয়া প্ৰবীণ বাওঁহতীয়া পেচবলাৰ আশিস নেহৰাৰ। নেহৰাৰ লগতে বাওঁহতীয়া অ'পেনাৰ শিখৰ ধৱন আৰু উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকৰো। ছিৰিজৰ প্ৰথমখন টি-২০ মেচ অহা ৭ অক্টোবৰত ৰাচীত অনুষ্ঠিত হ'ব। ইয়াৰ পিচত ১০ অক্টোবৰত গুৱাহাটীত আৰু ১৩ অক্টোবৰত হায়দৰাবাদত অনুষ্ঠিত হ'ব ছিৰিজৰ দ্বিতীয় আৰু তৃতীয়খন টি-২০ খেল।

 ঘোষিত দলটো: বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (সহ-অধিনায়ক), শিখৰ ধৱন, কে এল ৰাহুল, মনীষ পাণ্ডে, কেদাৰ যাদৱ, দীনেশ কাৰ্তিক, মহেন্দ্ৰ সিং ধোনী, হাৰ্ডিক পাণ্ডিয়া, কুলদ্বীপ যাদৱ, য়ুজবেন্দ্ৰ চহল, জছপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, আশিস নেহৰা আৰু অক্ষৰ পেটেল।