কমনৱেলথ গেমছ : মনপ্ৰীত সিঙৰ নেতৃত্বাধীন ভাৰতীয় দলত স্থান লাভ নকৰিলে চৰ্দাৰে

কমনৱেলথ গেমছ : মনপ্ৰীত সিঙৰ নেতৃত্বাধীন ভাৰতীয় দলত স্থান লাভ নকৰিলে চৰ্দাৰে

৪ এপ্ৰিলৰ পৰা অষ্ট্ৰেলিয়াৰ গ'ল্ডকষ্ট'ত অনুষ্ঠিত হ'ব লগা ২১ তম কমনৱেলথ গেমছলৈ ভাৰতীয় হকী দল ঘোষণা কৰা হৈছে। চুলতান আজলান শ্বাহ কাপ হকী প্ৰতিযোগিতাত ব্যৰ্থ হোৱাৰ পিচত কমনৱেলথত পদক জয়ৰ লক্ষ্যৰে হকী ইণ্ডিয়াই ঘোষণা কৰিছে ১৮ জনীয়া শক্তিশালী দল। তাৎপৰ্যপূৰ্ণভাৱে কালি ঘোষিত দলৰ পৰা বাদ পৰিছে সদ্যসমাপ্ত আজলান শ্বাহ কাপ হকীত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰা অভিজ্ঞ মিডফিল্ডাৰ চৰ্দাৰ সিং। কমনৱেলথ গেমছৰ গ্ৰুপ 'বি'ত পাকিস্তান, মালয়েছিয়া, ৱেলছ আৰু ইংলেণ্ডৰ দৰে শক্তিশালী দেশৰ লগত স্থান পোৱা ভাৰতীয় দলটোৰ নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে মনপ্ৰীত সিঙক। স্মৰ্তব্য যে ২০১৭ চনত মনপ্ৰীতৰ নেতৃত্বতে ভাৰতে এছিয়া কাপৰ খিতাপ হস্তগত কৰাৰ লগতে বিশ্ব হকী লীগত ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল। ৭ এপ্ৰিলত পাকিস্তানৰ বিৰুদ্ধে প্ৰথম মেচ খেলিব লগা ভাৰতীয় দললৈ দীর্ঘদিনৰ বিৰতিত প্ৰত্যাৱৰ্তন ঘটাইছে গ'লৰক্ষক পি আৰ শ্ৰীজেশৰ।