-->

এ এফ চি কাপ কোৱালিফায়িং: মাকাউৰ বিৰুদ্ধে ভাৰতৰ জয়

এ এফ চি কাপ কোৱালিফায়িং: মাকাউৰ বিৰুদ্ধে ভাৰতৰ জয়

এ এফ চি কাপ-২০১৯ৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জনৰ কালি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে ২-০ গ'লৰ ব্যৱধানত মাকাউক পৰাজিত কৰে। ভাৰতৰ হৈ দুয়োটা গ'ল দিয়ে ফৰৱাৰ্ড বলৱন্ত সিঙে। মাকাউৰ অলিম্পিক ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধ গ'লশূণ্যভাৱে সমাপ্ত হৈছিল। দ্বিতীয়াৰ্ধত গ'ল পায় পৰিৱৰ্তিত খেলুৱৈ বলৱন্ত আৰু ভাৰতে। ষ্টিফেন কনষ্টেনটাইনে দ্বিতীয়াৰ্ধত ৰণচালি সলনি কৰিবলৈ মিডফিল্ডাৰ ইউগেনেচন লিংডোৰ ঠাইত বলৱন্তক খেলায়। জামানপ্ৰীত সিঙৰ স্থানত আহে জে জে লালপেখলুৱা। এই পেছাগত সালসলনিৰে ভাৰতে ঠন ধৰি উঠে আৰু বলৱন্তৰ যোগেদি গ'ল পায়। প্ৰথমটো গ'ল বলৱন্তে কৰে মিডফিল্ডাৰ নাৰায়ণ দাসৰ এটা সুন্দৰ পাছৰ পৰা। কালিৰ এই বিজয়েৰে 'এ' গ্রুপত তিনিখন মেচৰ পৰা ভাৰতৰ সংগ্ৰহ হ'ল সম্পূৰ্ণ ৯ পইণ্ট। মাকাউৰ বিৰুদ্ধে ভাৰতৰ এয়া আছিল পোনপটীয়া তৃতীয় বিজয়।