-->

ভাৰতে ফাইনেলত পাকিস্তানৰ বিপক্ষে ৰণনীতি সলনি নকৰে: ক’হলি

ভাৰতে ফাইনেলত পাকিস্তানৰ বিপক্ষে ৰণনীতি সলনি নকৰে: ক’হলি

চলিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেল কাইলৈ লণ্ডনৰ ক্ৰিকেটৰ ভূ-স্বৰ্গস্বৰূপ অ'ভেলত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব। হাই-ভল্টেজ খেলখনৰ বাবে সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে। তাৰ মাজতে কালি সাংবাদিকৰে হোৱা মুখামুখিত ভাৰতৰ অধিনায়ক বিৰাট ক'হলিয়ে কয়- 'সকলোৱে ভাবিছিল এইবাৰ ভাৰত আৰু ইংলেণ্ডে ফাইনেল খেলিব। কিন্তু পাকিস্তানে আয়োজক দলটোৰ বিৰুদ্ধে ছেমি ফাইনেলত যি প্ৰদৰ্শন আগবঢ়ালে, সেয়া নিঃসন্দেহে প্ৰশংসনীয়। সকলোৱে এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজৰ মেগা ফাইনেল খেলখন চাবলৈ আগ্ৰহেৰে বাট চাই ৰৈছে। আৰু এই খেলখনত ভাৰতে ৰণনীতিত কোনোধৰণৰ সালসলনি নকৰে।'