-->

এ এফ চি চেম্পিয়নশ্বিপলৈ ভাৰত

এ এফ চি চেম্পিয়নশ্বিপলৈ ভাৰত

১৬ বছৰ অনুৰ্ধ্ব এ এফ চি চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে ভাৰতে। এই প্ৰতিযোগিতাখনৰ বাবে আয়োজিত যোগ্যতা নিৰ্ণায়ক পৰ্বত নিজৰ গ্রুপত ভাৰত দ্বিতীয় স্থানত থাকে। ১০ টা গ্রুপৰ শ্ৰেষ্ঠ ছটা দ্বিতীয় স্থান লাভ কৰা দলে এই যোগ্যতা অৰ্জন কৰিছে। এই ছটা দলৰ মাজত ভাৰতীয় দলটোৱে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতে প্ৰথমখন খেলত পেলেষ্টেইনক ৩-০ গ'লত পৰাজিত কৰে। ইয়াৰ পিছতে নেপালৰ সৈতে ২-২ আৰু ইৰাকৰ সৈতে গ'লশূন্য ড্ৰ খেলে। ভাৰতৰ খেল ২৪ ছেপ্টেম্বৰতে সমাপ্ত হৈছিল। কিন্তু অন্য গ্রুপৰ মেচৰ ওপৰত ভাৰতৰ ভাগ্য নিৰ্ভৰ কৰিছিল। সেই মেচবোৰ শেষ হোৱাৰ পাছতে ভাৰতৰ ভাগ্য উদয় হয়। উল্লেখ্য যে ২০১৮ত মালয়েছিয়াত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব।