-->

বিশ্ব হকী লীগ: ভাৰতৰ স্কটলেণ্ডৰ বিৰুদ্ধে জয়লাভ

বিশ্ব হকী লীগ: ভাৰতৰ স্কটলেণ্ডৰ বিৰুদ্ধে জয়লাভ

হকী বিশ্ব লীগৰ কালি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে বিশ্ব ৰেংকিংৰ ২৩ সংখ্যক স্থানত থকা স্কটলেণ্ডক ৪-১ গ'লত পৰাজিত কৰি ফাইনেলত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ ইংগিত প্ৰদান কৰিছে। ভাৰতৰ হৈ কালি দুটা গ'ল প্ৰদান কৰে ৰমনদীপ সিঙে আৰু এটাকৈ গ'ল দিয়ে ক্ৰমে আকাশদীপ আৰু হৰমনপ্ৰীতে। তাৰকা খেলুৱৈ ৰূপীন্দৰ সিঙৰ অনুপস্থিতিত মিডফিল্ডাৰ মনপ্ৰীত সিঙে ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰে। গ্ৰুপ বিত স্থান লাভ কৰা ভাৰতে পৰৱৰ্তী খেলসমূহ নেদাৰলেণ্ডছ, কানাডা আৰু পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।