-->

বাংলাদেশক পৰাস্ত কৰি ভাৰত আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত

বাংলাদেশক পৰাস্ত কৰি ভাৰত আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত

আই চি চি চেম্পিয়নছ ট্ৰফীৰ দ্বিতীয়খন ছেমি ফাইনেল খেলত ভাৰতে জয়লাভ কৰিছে। ভাৰতে আজি বাংলাদেশক ৯ উইকেটত পৰাস্ত কৰে। টছ জিকি বিৰাট ক'হলীয়ে প্ৰথমে বাংলাদেশক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ভাৰতৰ নিয়ন্ত্ৰিত বলিঙৰ ফলত বাংলাদেশে ৭ উইকেটৰ বিনিময়ত ২৬৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহ, কেডাৰ যাদৱ আৰু ভুবেনেশ্বৰ কুমাৰে সুন্দৰ বলিং কৰে। ২৬৫ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা অপেনৰদ্বয় ৰোহিত শৰ্মা আৰু শিখৰ ধৱনে ভাৰতক সুন্দৰ আৰম্ভণি দিয়ে। শিখৰ ধাৱান আউট হোৱাৰ পিছতে অধিনায়ক ক'হলী আৰু ৰোহিত শৰ্মাই কোনো উইকেট নেহেৰুৱাকৈ ভাৰতক ৪০.১ অ'ভাৰত বিজয় লক্ষ্যত উপনীত কৰায়। ৰোহিত শৰ্মাই অপৰাজিত ১২৩ ৰান কৰাৰ বিপৰীতে ক'হলীয়ে অপৰাজিত ৯৬ ৰান কৰে। এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে পাকিস্তানৰ লগত হ'বলগীয়া ফাইনেল খেলখনৰ বাবে।