-->

ৱ’ৰ্ল্ড কাপ ফুটবল কোৱালিফায়িং: অনিশ্চয়তাৰ দিশে আৰ্জেন্টিনা

ৱ’ৰ্ল্ড কাপ ফুটবল কোৱালিফায়িং: অনিশ্চয়তাৰ দিশে আৰ্জেন্টিনা

দুৱাৰৰ বিজয়ী তথা এবাৰৰ ৰানাৰ্ছ আপ আৰ্জেন্টিনা আগন্তুক বিশ্ব কাপলৈ এতিয়াও গভীৰ সংকটত। আগন্তুক বিশ্ব কাপৰ বাবে দক্ষিণ আমেৰেকীয় কোৱালিফায়িং ৰাউণ্ডৰ এখন গুৰুত্বপূৰ্ণ খেল আৰ্জেন্টিনাই পেৰুৰ বিৰুদ্ধে গ'লশূন্য ড্ৰ খেলাৰ পাছতেই সংকট ঘনীভূত হৈছে। উল্লেখ্য, ১০ টা দলৰ কোৱালিফায়িঙত আৰ্জেন্টিনাই এইপৰ্যন্ত ২৫ পইণ্ট গোটাই ষষ্ঠ স্থানত আছে। কিন্তু দক্ষিণ আমেৰিকাৰ পৰা পোনপটীয়াকৈ চাৰিটা দলেহে বিশ্ব কাপৰ মূল পৰ্যায়ত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰে। আনহাতে, পঞ্চম স্থানৰ দলটোৱে ওচেনিয়া মহাদেশৰ বিজয়ীৰ বিৰুদ্ধে প্লে' অফ খেলৰ জৰিয়তে যোগ্যতা অৰ্জনৰ সুবিধা পাব পাৰে। এইমুহূৰ্তত পেৰু পঞ্চম স্থানত আছে।