-->

আজিৰ পৰা আৰম্ভ হৈছে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ: ভাৰতবাসীৰ আশা ছাইনা, সিন্ধু আৰু শ্ৰীকান্তৰ ওপৰত

আজিৰ পৰা আৰম্ভ হৈছে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ: ভাৰতবাসীৰ আশা ছাইনা, সিন্ধু আৰু শ্ৰীকান্তৰ ওপৰত

আজিৰ পৰা আৰম্ভ হৈছে বিশ্ব বেডমিণ্টনৰ সবাটোকৈ বৃহৎ প্ৰতিযোগিতা বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ। এইবাৰৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব পি ভি সিন্ধু আৰু শ্ৰীকান্ত কিদাম্বিয়ে। যোৱা দুটা বছৰত বিশ্ব বেডমিণ্টন ক্ষেত্ৰখনত ভয়ানক শক্তিৰূপে অৱতীৰ্ণ হোৱা ভাৰতীয় খেলুৱৈসকলৰ বাবে এই প্ৰতিযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতীয় খেলুৱৈসকলে প্ৰায়বোৰ প্ৰতিযোগিতাত বিশ্বৰ শীৰ্ষ খেলুৱৈক নিয়মিতভাৱে পৰাস্ত কৰি ইতিমধ্যে নিজৰ শক্তিৰ প্ৰমাণ দিয়ে। তাৎপৰ্যপূৰ্ণভাৱে একে সময়তে ভাৰতৰ পুৰুষ আৰু মহিলাৰ দল দুটাই অতি চমৎকাৰী খেল প্ৰদৰ্শন কৰি আহিছে। বিশ্বৰ যিকোনো শীৰ্ষৰ খেলুৱৈক পৰাভূত কৰাৰ সক্ষমতা আছে ভাৰতীয়সকলৰ। এই প্ৰতিযোগিতাখনত ভাৰতৰ কিদাম্বি শ্ৰীকান্ত আৰু পি ভি সিন্ধুৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। ইণ্ডোনেছিয়া আৰু অষ্ট্ৰেলিয়ান অ'পেনৰ খিতাপ জয় কৰি আত্মবিশ্বাসত তগবগাই থকা শ্ৰীকান্তে এই ধাৰা অব্যাহত ৰাখিলে পদক প্ৰায় নিশ্চিত। পুৰুষত শ্ৰীকান্তৰ উপৰিও ভাৰতৰ আশা বি ছাই প্ৰণীত, সমীৰ বাৰ্মা, অজয় জয়ৰামৰ ওপৰত। আনহাতে মহিলাৰ শাখাত পি ভি সিন্ধুৰ লগতে ছাইনা নেহৱালৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব পদকৰ সম্ভাৱনা।