-->

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত অনুশীলন আৰম্ভ কৰিছে ধোনী আৰু ৰাইনাই

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত অনুশীলন আৰম্ভ কৰিছে ধোনী আৰু ৰাইনাই

ভাৰতৰ দুই মূল স্পীনাৰ ব'লাৰ ৰবীন্দ্ৰ জাডেজা আৰু আৰ অস্বিনক আসন্ন শ্ৰীলংকাৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া শৃংখলাত বিশ্ৰাম দিয়াৰ কথা চিন্তা-চৰ্চা কৰিছে বি চি চি আয়ে। চলিত টেষ্ট শৃংখলাত দুই তাৰকা স্পীনাৰে দলৰ হৈ অধিকাংশ সময় বলিং কৰিবলগীয়া হৈছে। এতিয়ালৈ অস্বিনে ১০৮.৩ আৰু জাদেজাই ১০৮.২ অ'ভাৰ বলিং কৰি ক্ৰমে ১১ টা আৰু ১৩ টা উইকেট দখল কৰিছে। ঘৰৰ মাটিত ব্যস্ত শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দুয়োগৰাকীক বিশ্ৰাম দিয়াৰ কথা ভাবিছে জাতীয় নিৰ্বাচকসকলে। শ্ৰীলংকাৰ বিৰুদ্ধে সীমিত অ'ভাৰত ভাগ ল'বলগীয়া ভাৰতীয় দলটো কাইলৈ ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইফালে ব্যস্ত সীমিত অ'ভাৰৰ শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এম এছ ধোনীয়ে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত শাৰীৰিক অনুশীলন অব্যাহত ৰাখিছে। বিৰাট বাহিনী শ্ৰীলংকালৈ ৰাওনা হোৱাৰে পৰা ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত ব্যস্ত হৈ আছে ধোনী। আনহাতে সম্প্ৰতি ভাৰতীয় দলত স্থান হেৰুৱালেও প্ৰত্যাৱৰ্তন কৰাৰ লক্ষ্যৰে এন চি এত শাৰীৰিক সক্ষমতাৰ লগতে নিয়মিত অনুশীলন অব্যাহত ৰাখিছে সুৰেশ ৰাইনাই।