-->

মল্লযুঁজাৰু সতীশ কুমাৰক ২৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

মল্লযুঁজাৰু সতীশ কুমাৰক ২৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

মল্লযুঁজাৰু সতীশ কুমাৰক ক্ষতিপূৰণ হিচাপে ২৫ লাখ টকা দিয়াৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে নিষিদ্ধ শক্তিবৰ্ধক ড্ৰাগছ সেৱন কৰা বুলি মিছাতে অভিযুক্ত হোৱাৰ ফলত সতীশে ২০০২ ত দক্ষিণ কোৰিয়াতা অনুষ্ঠিত চতুৰ্দশ এছিয়ান গেমছৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। ভাৰতীয় ৰেচলিং ফেডাৰেচনক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়াৰ উপৰি খেলুৱৈসকলক কৰা আচৰণৰ বাবে ফেডাৰেচনক কঠোৰ সমালোচনা কৰে ন্যায়ালয়ে। বিশ্বৰ আগশাৰীৰ প্ৰতিযোগিতাসমূহত ভাৰতে পদক দখলৰ ক্ষেত্ৰত সংগ্ৰাম কৰিবলগীয়া হোৱা বাবে ফেডাৰেচনৰ কাম-কাজক দোষাৰোপ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। প্ৰাক্তন তাৰকা মল্লযুঁজাৰু সতীশ বৰ্তমান চি আই এছ এফত কৰ্মৰত। তেওঁ ২০০৬ৰ মেলব'ৰ্ণ কমনৱেলথ গেমছ আৰু লছ এঞ্জেলছত অনুষ্ঠিত বিশ্ব পুলিচ গেমছত স্বৰ্ণ পদক জয় কৰিছিল।