-->

কনফেডাৰেচন কাপত পৰ্টুগাল-মেক্সিকোৰ ড্ৰ

কনফেডাৰেচন কাপত পৰ্টুগাল-মেক্সিকোৰ ড্ৰ

ৰাছিয়াত অনুষ্ঠিত হোৱা ফিফা কনফেডাৰেচন কাপৰ কালি অনুষ্ঠিত খেলত ইউৰো চেম্পিয়ন পৰ্টুগালে উত্তৰ-আমেৰিকাৰ দল মেক্সিকোৰ লগত ২-২ গ'লত ড্ৰ খেলে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দুয়োটা দলেই গ'ল দিয়াৰ সুযোগ অপব্যয় কৰে। খেলৰ ৩৪ মিনিতত কোৱাৰেছমাই গ'ল দি পৰ্টুগালক অগ্ৰগতি প্ৰদান কৰে। তাৰ পিছতে প্ৰথমাৰ্দ্ধৰে ৪২ মিনিতত মেক্সিকোৰ হাৰনান্দেজে গ'ল দি মেক্সিকোৰ সমতা স্থাপন কৰে। দ্বিতীয়াৰ্ধত দুয়োটা দলেই গ'ল দিবলৈ আক্ৰমণ অব্যাহত ৰাখে। তাৰ মাজতে শেষৰফালে ৮৬ মিনিটত কেড্ৰিকে দ্বিতীয়তো গ'ল দি একপ্ৰকাৰে পৰ্টুগালৰ বিজয় নিশ্চিত কৰাৰ পিছত খেলৰ ৯০ মিনিটত মেক্সিকোৰ হৈ ম'ৰেন'ৱে সমতাসূচক গ'লটো প্ৰদান কৰে। ফলত খেলখন ২-২ গ'লত ড্ৰ হয়।