-->

মুখ্য মন্ত্ৰীয়ে উন্মোচন কৰে যুৱ মহিলা বক্সিঙৰ ল’গ’

মুখ্য মন্ত্ৰীয়ে উন্মোচন কৰে যুৱ মহিলা বক্সিঙৰ ল’গ’

১৯ নৱেম্বৰৰ পৰা ২৬ নোৱেম্বৰলৈ গুৱাহাটীত হবলগীয়া এ আই বি এ যুৱ-মহিলা বিশ্ব বশিঙ চেম্পিয়নশ্বিপ অফিচিয়েল ল'গ', মেছকট যাদু এনথেম আজি ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে । উল্লেখযোগ্য যে দেশত পোন প্ৰথমবাৰৰ বাবে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ আয়োজন কৰা হৈছে, য'ত ৩৯খন দেশৰ ১৯৩ গৰাকী পঞ্জীয়নকৃত যুৱ মহিলা মুষ্টিযোদ্ধাই অংশগ্ৰহণ কৰিব । অনুষ্ঠানটিত ভাষণ দিয়া সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱেলে কয় যে গুৱাহাটীত বহু সংখ্যক বিশ্ব মানৰ ক্ৰিয়া প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু ভৱিষ্যতেও মহানগৰী খনত আৰু অধিক বিশ্ব মানৰ প্ৰতিযোগিতা অনুষ্ঠিত হব । এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণকাৰী খেলুৱৈ তথা বিভিন্ন দেশৰ কৰ্মকৰ্তাসকলক সাদৰেৰে আতিথ্য প্ৰদান কৰি আমাৰ আতিথ্য সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব ।