ভাৰতৰ অভিজ্ঞ টেষ্ট বেটছমেন চেতেশ্বৰ পূজাৰা সাজু দক্ষিণ আফ্ৰিকাৰ প্ৰত্যাহ্বানলৈ

ভাৰতৰ অভিজ্ঞ টেষ্ট বেটছমেন চেতেশ্বৰ পূজাৰা সাজু দক্ষিণ আফ্ৰিকাৰ প্ৰত্যাহ্বানলৈ

নৱবৰ্ষৰ আৰম্ভণিতে ভাৰতীয় ক্ৰিকেট দলৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ বিশ্ব ক্ৰিকেট জগতৰ বাবে বিশেষভাৱে চৰ্চিত হৈ পৰাৰ সময়তে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব লগা প্ৰথম টেষ্টলৈ দুয়োটা দল সাজু হৈ উঠিছে। ফাফ ডু প্লেছিছৰ নেতৃত্বত এ বি ডি ভিলিয়াৰ্ছ, হাছিম আমলা, কুইণ্টন ডি কক আদিৰ দৰে তাৰকা বেটছমেন আৰু ডেল ষ্টেইন, কাৰ্গিছো ৰাবাডা, মৰ্কেলৰ দৰে বলিং বিভাগ আগন্তুক শৃংখলাত বেটিং গভীৰ ভাৰতীয় দলৰ বাবে কঠিন প্ৰত্যাহ্বান হৈ উঠাতো নিশ্চিত। ২৫ বছৰৰ দীৰ্ঘ বিৰতিত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাত প্ৰথম টেষ্ট শৃংখলা জয়ৰ পৰিকল্পনা কৰাৰ সময়তে আগন্তুক শৃংখলালৈ আত্মবিশ্বাসী হৈ আছে টীম ইণ্ডিয়াৰ টেষ্ট বিশেষজ্ঞ চেতেশ্বৰ পূজাৰা। আগন্তুক শৃংখলা নিঃ সন্দেহে দক্ষিণ আফ্ৰিকাৰ বলাৰ আৰু ভাৰতীয় বেটছমেনৰ মাজত শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰ যুজঁ হিচাপে বিবেচিত হ'ব বুলি কয় পূজাৰাই।