কেন্দ্ৰীয় বাজেটত ‘খেলো ইণ্ডিয়া’ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৫৭৫ কোটি টকা

কেন্দ্ৰীয় বাজেটত ‘খেলো ইণ্ডিয়া’ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৫৭৫ কোটি টকা

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে দাখিল কৰা বাজেটত নতুনকৈ আৰম্ভ কৰা 'খেলো ইণ্ডিয়া'ৰ বাবে ৫৭৫ কোটি টকা ধার্য কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগলৈ মুঠ ২১৯৬.৩৫ কোটি টকা ধার্য কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে বিগত বাজেটৰ তুলনাত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত ক্ৰীড়া শিতানত নিৰ্ধাৰিত ধনৰ পৰিমাণ ১৯৪৩.২১ কোটি টকা বৃদ্ধি পাইছে। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়লৈ অনুমোদিত ধনৰ পৰিমাণ বৃদ্ধি পোৱাৰ সময়তে 'খেলো ইণ্ডিয়া'ৰ বাবে বৃহৎ পৰিমাণৰ অৰ্থ বাজেটত নিৰ্ধাৰণ কৰাটো দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ইতিবাচক দিশ। তাৎপৰ্যপূৰ্ণভাৱে পূৰ্বৰ 'ৰাজীৱ গান্ধী খেল অভিযান', আৰ্বান স্প'ৰ্টছ' ইনফ্ৰাষ্ট্ৰাকছাৰ' আৰু 'নেচনেল স্পৰ্টছ টেলেণ্ট চাৰ্চ' আঁচনি এক লগ কৰি বিগত বৰ্ষৰ পৰা আৰম্ভ হৈছে 'খেলো ইণ্ডিয়া'। এইবাৰৰ বাজেটত কেৱল মাত্ৰ ক্ৰীড়া শিতানত ১৪২৫.৫০ কোটি টকা সংৰক্ষিত কৰি ৰখা হৈছে। 'খেলো ইণ্ডিয়া'ৰ বাবে সৰ্বাধিক ৫২০ কোটি টকা অনুমোদন দিয়া হৈছে বাজেটত।