অষ্ট্ৰেলিয়ান অ’পেন: মাৰিয়া ছাৰাপ’ভা, এঞ্জেলিকা কাৰ্বাৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ

অষ্ট্ৰেলিয়ান অ’পেন: মাৰিয়া ছাৰাপ’ভা, এঞ্জেলিকা কাৰ্বাৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ

প্ৰাক্তন চেম্পিয়ন মাৰিয়া ছাৰাপ'ভা আৰু এঞ্জেলিকা কাৰ্বাৰে অষ্ট্ৰেলিয়ান অ'পেনত সুকলমে প্ৰথম ৰাউণ্ডৰ দেউনা অতিক্ৰম কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। মঙলাবাৰে মেলব'ৰ্ণৰ প্ৰচণ্ড শীতৰ মাজত দুয়োগৰাকী গ্ৰেণ্ডশ্লাম বিজয়ীয়ে সহজ ব্যৱধানত প্ৰতিপক্ষক পৰাস্ত কৰে। অৱশ্যে ছাৰাপ'ভাই ১৫ মহীয়া নিষেধাজ্ঞাৰ পিচত ক'ৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিছে। ২০০৮ ৰ চেম্পিয়ন তথা বৰ্তমানৰ ৪৮ ৰেংকৰ ছাৰাপ'ভাই জাৰ্মানীৰ টাটাজানা মাৰিয়াক ৬-১, ৬-৪ ব্যৱধানত হৰুৱায়। একেদৰে বিশ্বৰ প্ৰাক্তন শীৰ্ষস্থানীয় তথা ২০১৬ ৰ বিজয়ী কাৰ্বাৰে আন্না-লেনা ফেদছামক ৬-০, ৬-৪ ব্যৱধানত পৰাস্ত কৰে। ইফালে তেওঁলোকৰ লগতে ষষ্ঠ বাছনিৰ কেৰ'লিনা পিছক'ভায়ো অগ্ৰগতি লাভ কৰিছে।