বি চি চি আইৰ দুৰ্নীতিবিৰোধী গোটৰ মুৰব্বী হিচাপে নিযুক্ত হোৱাৰ সম্ভাৱনা অজিত সিং শ্বেখাৱট

বি চি চি আইৰ দুৰ্নীতিবিৰোধী গোটৰ মুৰব্বী হিচাপে নিযুক্ত হোৱাৰ সম্ভাৱনা অজিত সিং শ্বেখাৱট

সময়ে সময়ে মেচ ফিক্সিঙৰ অভিশাপে কলংকিত কৰা দেশৰ ক্ৰিকেট জগতৰ দুৰ্নীতি ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে। সেই অনুসৰি অচিৰেই বি চি চি আই দুৰ্নীতিবিৰোধী গোটৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হ'ব ৰাজস্থানৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান অজিত সিং শ্বেখাৱটক। বিগত বৰ্ষৰ ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰা দক্ষ আৰক্ষী বিষয়াগৰাকীক দুৰ্নীতিবিৰোধী গোটৰ মুৰব্বী হিচাপে নিযুক্ত কৰিবলৈ বি চি চি আয়ে গ্ৰহণ কৰা সিদ্ধান্ত দেশৰ ক্ৰিকেট জগতৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ। লক্ষণীয়ভাৱে এই সন্দৰ্ভত আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱা নাই যদিও ৭ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ একাদশ ছিজনৰ পূৰ্বে অজিত সিং শ্বেখাৱটে বি চি চি আইৰ দুৰ্নীতিবিৰোধী গোটৰ মুৰব্বী হিচাপে দায়িত্ব লোৱাটো একপ্ৰকাৰ নিশ্চিত।