-->

মহিলা বক্সিং চেম্পিয়নশ্বিপৰ অনুশীলন আৰম্ভ কৰিলে ভাৰত- ফ্ৰান্স

মহিলা বক্সিং চেম্পিয়নশ্বিপৰ অনুশীলন আৰম্ভ কৰিলে ভাৰত- ফ্ৰান্স

১৭ বছৰ অনুধ্ব বিশ্বকাপৰ সফল আয়োজনৰ পাছত গুৱাহাটীৰ সৰুসজাইস্থিত নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হব লগীয়া আইবা যুৱ মহিলা বশিঙ চেম্পিয়নশ্বিপক সাধাৰণ নাগৰিকৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই আজিৰে পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । অহা ১৯ নিৱেম্বৰৰ পৰা আৰম্ভ হবলগীয়া এই মেগা ইভেণ্টখনৰ উন্মাদনাই ক্ৰমাৎ গুৱাহাটীৰ ক্ৰিয়াপ্ৰেমীক স্পর্শ কৰা দেখা যায় । ইয়াৰ অংশ স্বৰূপে যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপৰ অফিচিয়েল মেছকট 'গাপ্পী'য়ে আজি মহানগৰীৰ উজান বজাৰস্থিত কামৰূপ একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ সৈতে সময় কটোৱাৰ লগতে বিভিন্ন আকৰ্ষণীয় প্ৰতিযোগিতাত অংশ লয় ।