পি ভি সিন্ধুৰ লক্ষ্য বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থান

পি ভি সিন্ধুৰ লক্ষ্য বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থান

বিশ্ব বেডমিণ্টন জগতত ভাৰতীয় শ্বাটলাৰে চমকপ্ৰদ উত্থান অব্যাহত ৰাখিবলৈ সক্ষম হোৱাৰ লগতে বিশ্ব ৰেংকিঙৰ শীর্ষস্থান দখলৰ লক্ষ্য লৈছে তাৰকা পি ভি সিন্ধুৱে। ২০১৬ চনৰ ৰিঅ' অলিম্পিকত ঐতিহাসিক ৰূপৰ পদক জয় কৰা শ্বাটলাৰগৰাকীয়ে কেৰিয়াৰৰ শ্ৰেষ্ঠ দ্বিতীয় ৰেংকিং লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত ধাৰাবাহিকতাৰ অভাৱত সিন্ধুৰ ৰেংকিং স্থানৰ অৱনতি ঘটে। সম্প্ৰতি বিশ্ব ৰেংকিঙৰ প্ৰথম স্থানত থকা খেলুৱৈগৰাকীয়ে বিশ্ব বেডমিণ্টন জগতত ভাৰতৰ আধিপত্য প্ৰতিপন্ন কৰি শীর্ষস্থান দখলৰ পৰিকল্পনা কৰিছে। শেহতীয়া এক সাক্ষাৎকাৰত তাৰকা অলিম্পিয়ানগৰাকীয়ে ঘোষণা কৰে আগন্তুক পৰিকল্পনা।