-->

অহা বছৰ অনুষ্ঠিত নহয় টি-২০ বিশ্বকাপ: আই চি চি

অহা বছৰ অনুষ্ঠিত নহয় টি-২০ বিশ্বকাপ: আই চি চি

অহা বর্ষত হ'বলগীয়া আই চি চি টি-20 বিশ্বকাপ স্থগিত ৰাখিছে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে। অহা বছৰৰ পৰিৱৰ্তে ২০২০ চনত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ। আই চি চি চিৰ বিশেষ সূত্ৰই জনোৱা অনুসৰি আগশাৰীৰ সদস্য ৰাষ্ট্ৰৰ দলসমূহ যিহেতু ২০১৮ত দ্বিপাক্ষিক শৃংখলাত ব্যস্ত থাকিব, সেয়েহে প্ৰতিযোগিতাখন দুবছৰ পিছুৱাই আয়োজনৰ চিন্তা-চৰ্চা কৰি থকা হৈছে। অৱশ্যে ২০২০ চনত হ'বলগীয়া প্ৰতিযোগিতা খনৰ বাবে এতিয়াও স্থান নিৰ্ণয় হোৱা নাই। আই চি চিৰ সূত্ৰই লগতে আৰু জনায় যে যিহেতু প্ৰতিখন ৰাষ্ট্ৰই নিজাববীয়াকৈ টি-২০ প্ৰতিযোগিতা আয়োজন কৰে, গতিকে অহা বর্ষত টি-২০ বিশ্বকাপ অনুষ্ঠিত নহ'লেও খেলবিধৰ আকৰ্ষণ হ্ৰাস নাপায়। সূত্ৰটোৱে লগতে কয় যে দ্বিপাক্ষিক শৃংখলাৰ জৰিয়তে প্ৰতিখন সদস্য ৰাষ্ট্ৰই ৰাজহ সংগ্ৰহ কৰিব পাৰিব।