-->

ইংলিছ প্ৰিমিয়াৰ লীগ: ৱেষ্টহাম ইউনাইটেডৰ প্ৰথম পইন্ট অৰ্জন

ইংলিছ প্ৰিমিয়াৰ লীগ: ৱেষ্টহাম ইউনাইটেডৰ প্ৰথম পইন্ট অৰ্জন

ৱেষ্টহাম ইউনাইটেডে ইংলিছ প্ৰিমিয়াৰ লীগৰ এই ছিজনত প্ৰথম পইণ্ট গোটাবলৈ সক্ষম হৈছে। শেহতীয়া খেলত হাৰ্ডছফিল্ডক ২-০ গ'লত পৰাজিত কৰিছে ৱেষ্ট হামে। পেড্ৰো অ'বিয়ঙে ৭২ মিনিটত ৱেষ্ট হামক পোনতে অগ্ৰগতি দিয়াৰ পাঁচ মিনিটৰ পিচতেই আন্দ্ৰে এৱেই ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে। ৱেষ্ট হামে তেনেদৰেই হাৰ্ডছফিল্ডৰ অপৰাজিত ধাৰাও ভংগ কৰিবলৈ সক্ষম হয়। এই জয়েৰে ৱেষ্ট হামে অন্তিম স্থানৰ পৰা অষ্টাদশ স্থানলৈ আগবঢ়াৰ বিপৰীতে হাৰ্ডছফিল্ডে চাৰিখন খেলত সাত পইণ্টেৰে ষষ্ঠ স্থানত আছে।