-->

স্থানান্তৰ কৰা হ’ব বি চি চি আইৰ কাৰ্যালয়

স্থানান্তৰ কৰা হ’ব বি চি চি আইৰ কাৰ্যালয়

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইৰ পৰা বেংগালুৰুলৈ স্থানান্তৰ কৰা হ'ব। প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ কাম সম্পূৰ্ণ হ'লে ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামৰ পৰা স্থানান্তৰ হ'ব দেশৰ সৰ্বোচ্চ ক্ৰিকেট সংস্থাটোৰ মুখ্য কাৰ্যালয়। উল্লেখযোগ্য যে দেশৰ তথ্য প্ৰযুক্তিৰ ৰাজধানী হিচাপে বিবেচিত বেংগালুৰুৰ গাৰ্ডেন চিটিৰ ৪০ একৰ ভূমিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ কাম আৰম্ভ কৰিছে বি চি চি আয়ে। এই বৃহৎ প্ৰকল্প পূৰ্ণ হ'লেই মায়ানগৰী মুম্বাইৰ পৰা বেংগালুৰুলৈ স্থানান্তৰিত হ'ব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ মুখ্য কাৰ্যালয়।