-->

১০ অক্টোবৰত ভাৰত-অষ্ট্ৰেলিয়া টি-২০: সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে এ চি এই

১০ অক্টোবৰত ভাৰত-অষ্ট্ৰেলিয়া টি-২০: সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে এ চি এই

বি চি চি আয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ আসন্ন সীমিত অ'ভাৰৰ শৃংখলাৰ সূচী প্ৰকাশ কৰাৰ লগে লগে গুৱাহাটীত এখন টি-২০ অনুষ্ঠিত হোৱাটো চূড়ান্ত হৈছে। পাঁচখনীয়া এদিনীয়া শৃংখলাৰ পিছতেই অনুষ্ঠিত হ'বলগীয়া তিনিখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ অহা ১০ অক্টোবৰত বৰ্ষাপাৰাত এ চি এৰ নৱ-নিৰ্মিত ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এই মেচখন সফলভাৱে আয়োজন কৰিবলৈ যুদ্ধকালীন প্ৰস্তুতিৰে আগবাঢ়িছে অসম ক্ৰিকেট সংস্থা (এ চি এ)। বি চি চি আইৰ পুঁজি নোপোৱাকৈয়ে এটা বছৰ পাৰ কৰিলে এ চি এৰ বৰ্তমানৰ কমিটীখনে। তথাপি এই কঠিন পৰিস্থিতিৰ মাজতো অপ্ৰাণ চেষ্ঠা চলাই পুনৰ আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনৰ দায়িত্ব লাভ কৰিছে ৰাজ্যিক ক্ৰিকেট সংস্থাটোৱে।