-->

আজি দ্বিতীয় ছেমিত ভাৰতৰ মুখামুখি হ’ব বাংলাদেশ

আজি দ্বিতীয় ছেমিত ভাৰতৰ মুখামুখি হ’ব বাংলাদেশ

আই চি চি চেম্পিয়নছ ট্ৰফীৰ আজি দ্বিতীয় এদিনীয়াত মুখামুখি হ'ব এছিয়াৰ দুই চুবুৰীয়া দেশ ভাৰত আৰু বাংলাদেশ। আই চি চি চেম্পিয়নছ ট্ৰফীৰ প্ৰস্তুতি মেচত ভাৰতৰ বিৰুদ্ধে ৮৪ ৰানতে ইনিংছ সামৰা বাংলাদেশৰ ক্ৰিকেট দলটোৱে পৰৱৰ্তী সময়ত শক্তিশালী খেলেৰে গ্ৰুপৰ দ্বিতীয়টো দল হিচাপে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডক পিছ পেলাই ছেমি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে ভাৰতেও সেয়েহে সহজে ল'ব খোজা নাই বাংলাদেশক। ভাৰতেও পূৰ্ণ শক্তিৰে বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে আই চি চিৰ যিকোনো প্ৰতিযোগিতাত প্ৰথমবাৰলৈ ছেমিত প্ৰৱেশ কৰাৰ পিছত বাংলাদেশৰ ক্ৰিকেট দলটোৱেও পূৰ্ণ আত্মবিশ্বাসেৰে ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।