-->

এম চিৰ বৰ্ণিল কেৰিয়াৰত আন এক স্বৰ্ণিল অধ্যায় সংযোজন

এম চিৰ বৰ্ণিল কেৰিয়াৰত আন এক স্বৰ্ণিল অধ্যায় সংযোজন

অচিন বক্সিঙত স্বৰ্ণেৰে উজ্বলল উত্তৰ-পূবৰ গৌৰৱ এম চি মেৰী কম । পাঁচবাৰকৈ বিশ্ব চেম্পিয়ন আৰু লণ্ডন অলিম্পিকত ব্ৰঞ্জ পদক জয়েৰে দেশবাসীক ইতিমধ্যেই গৌৰৱান্বিত কৰা কিংবদন্তি মহিলা বক্সাৰ গৰাকীয়ে আজি এছিয়ান বক্সি চামপিনশ্বিপত সোন জয়েৰে বৰ্ণিল ক্ৰিয়া কেৰিয়াৰত আন এক স্বৰ্ণিল অধ্যায় সংযোজন কৰিলে । ৪৫ কেজিৰ ফাইনেলত ৩৪ বৰ্ষীয় এম চি মেৰী কমে অদমনীয় প্ৰদৰ্শনেৰে দক্ষিণ কোৰিয়াৰ হিয়াং মি কিমক ধৰাশায়ী কৰি দেশলৈ স্বৰ্ণপদক কঢ়িয়াই নিবে সক্ষম হয় । প্ৰতিটো আক্ৰমণক সঠিকভাবে প্ৰতিহত কৰি তেওঁ সময়োপযোগী পাঞ্চেৰে অৱশেষত মেচখনত শ্ৰেষ্ঠত্ব অৰ্জন কৰাটো নিশ্চিত কৰে ।