-->

মেৰী কম পালেগৈ অচিন বক্সিঙৰ ফাইনেলত

মেৰী কম পালেগৈ অচিন বক্সিঙৰ ফাইনেলত

পাঁচবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কম আৰু অচিন চেম্পিয়নশ্বিপৰ প্ৰাক্তন ৰূপ বিজয়ী ছোনিয়া লাথাৰে অচিন বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়ৰ আশা সজীৱ কৰি ৰাখিছে । প্ৰায় এবছৰৰ বিৰতিত বক্সিং ৰিঙৰ নমাৰ মণিপুৰৰ কিংবদন্তি বক্সাৰ এম চি মেৰী কমে দুৰ্দান্ত প্ৰদৰ্শনেৰে মেগা ইভেণ্ট খনৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে । কালি অনুষ্ঠিত চেমি-ফাইনেলত মহিলা বক্সাৰ গৰাকীয়ে জাপানৰ টিউবাছা ক'মুৰাক ৫-০ পইণ্টত ব্যৱধান পৰাস্ত কৰি স্বৰ্ণপদক যুঁজলৈ উন্নীত হয় । প্ৰতিযোগিতাখনকত পঞ্চমটো স্বৰ্ণ জয়ৰ লক্ষ্যৰে তেওঁ দক্ষিণ কোৰিয়াৰ হাং মি কিমৰ মুখামুখি হব ।