-->

ঢেকীয়াজুলিত কৰিলে সোণৰ কন্যা অংকুশিতাক সম্বৰ্ধনা

ঢেকীয়াজুলিত কৰিলে সোণৰ কন্যা অংকুশিতাক সম্বৰ্ধনা

বিশ্ব বিজয়ী বক্সাৰ অংকুশিতা বড়োৰ জন্মভূমিত উপস্থিত হল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । অঞ্চলটোৰ দুগৰাকীকৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈক সম্বৰ্ধনা জ্ঞাপনৰ বাবে আয়োজন কৰা 'প্ৰেৰণা উৎসৱ'ত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে দেশৰ ক্ৰীড়া জগতৰ প্ৰাণকেন্দ্ৰ ৰূপে ৰাজ্যখনত ক্ৰীড়াৰ আন্তঃগাঁঠনি উন্নত কৰি গ্ৰামাঞ্চলত খেলৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰে । তেওঁ ভাষণ প্ৰসংগত কয় যে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ ৫০০ খন খেলপথাৰ আধুনিক ৰূপত গঢ়ি তুলিব আৰু গ্ৰামাঞ্চলৰ লৰা ছোৱালীয়ে যাতে খেলা ধুলা কৰি শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰিব পাৰে তাৰে বাবে প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব ।