অসমৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ল হিমা

অসমৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ল হিমা

ডিজিটেল ডেস্ক: অসমৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ব হিমা দাস৷ বৃহস্পতিবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ মংগলবাৰে অৰ্জুন বটা গ্ৰহণ কৰিছিল ১৮বৰ্ষীয়া হিমাই৷  ফিণলেণ্ডত অনুষ্ঠিত হোৱা ১৮বৰ্ষৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নচিপত সোণৰ পদক লাভ কৰাৰ পিছতে বহুতে খেলুৱৈগৰাকীক ৰাজ্যৰ খেল জগতখনৰ ব্ৰেণ্ড এম্বেছাদৰ কৰিব লাগে  মত প্ৰকাশ কৰিছিল৷  এছিয়ান গেমছৰ জয়ৰ পিছত বৰ্তমান হিমাৰ লক্ষ্য চাউথ এছিয়ান গেমছ৷ সাংবাদিকৰ  সৈতে হোৱা সাক্ষাতকাৰত হিমাই বৰ্তমান চাউথ এছিয়ান গেমৰ বাবে প্ৰস্তুতি চলাব বুলি প্ৰকাশ কৰিছিল৷