-->

২০১৮ ৰ পৰা উৰিব বয়িঙৰ চালকবিহীন বিমান

২০১৮ ৰ পৰা উৰিব বয়িঙৰ চালকবিহীন বিমান

বিশ্বপ্রসিদ্ধ বিমান নিৰ্মাতা প্ৰতিষ্ঠান বয়িঙে অহা বছৰৰ পৰা চালকবিহীন বিমান চলোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। বয়িঙৰ এটা সূত্ৰই প্ৰকাশ কৰামতে অহা বছৰ তেওঁলোকে এই প্ৰযুক্তিৰ পৰীক্ষণ সম্পন্ন কৰিব। এইক্ষেত্ৰত সঠিক গতিপথৰ সন্ধান লাভৰ বাবে বিক্ৰী কৰা হয় ফ্লাইট মেনেজমেণ্ট চিষ্টেম। বয়িঙৰ উপাধ্যক্ষ মাইক ছাইনেটে প্ৰকাশ কৰা মতে অহা বছৰৰ গ্ৰীষ্মত তেওঁলোকে প্ৰথমতে ককপিট ছিমূলেটৰত প্ৰথমতে এনে পৰীক্ষা সম্পন্ন কৰাৰ পিছত বিমানত ইয়াৰ প্ৰয়োগ কৰা হ'ব। উল্লেখযোগ্য যে ইতিমধ্যেই কম্পিউটাৰৰ জৰিয়তে জেট বিমান চলোৱাৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়িছে বিজ্ঞানীসকলে।