-->

হাৰ্ভি ধুমুহাত নাছাৰ জনছন মহাকাশ কেন্দ্ৰ বন্ধ

হাৰ্ভি ধুমুহাত নাছাৰ জনছন মহাকাশ কেন্দ্ৰ বন্ধ

হাৰ্ভি নামৰ বিধ্বংসী বা-মাৰলী আৰু তাৰ ফলত হোৱা প্ৰবল বৰষুণত বান হোৱাৰ কাৰণে আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ হিউষ্টনত থকা নাছাৰ জনছন মহাকাশ কেন্দ্ৰটো বন্ধ কৰি দিয়া হৈছে। অৱশ্যে মিছন কণ্ট্ৰ'লত কাম-কাজ চলি আছে। নাছাই এই কথা অৱগত কৰে। জে এছ চিৰ সঞ্চালক আৰু প্ৰাক্তন মহাকাশচাৰী এলেন ওচোৱাই কয়, 'আমাৰ কৰ্ম বাহিনীৰ গৰিষ্ঠসংখ্যক নিৰাপদ যদিও ভালেমান কৰ্মচাৰী বানত গুৰুতৰ ক্ষতিৰ সন্মুখীন হৈছে। তেওঁলোক বিদ্যুৎ অবিহনে থাকিবলগীয়া হৈছে আৰু বহুতক সাহাৰ্যৰ প্ৰয়োজন হৈছে।' দেওবাৰৰ পৰা জনছন মহাকাশ কেন্দ্ৰ বন্ধ কৰি দিয়া হৈছে আৰু কাইলৈ পুনৰ খোলাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে প্ৰবল ধুমুহাত কমেও ১০ জন লোকৰ মৃত্যু হৈছে।